Skip to main content

Assam History Question Answer

Join us

Telegram :- https://t.me/pursuitofknowledges

Facebook



ASSAM HISTORY

 

১) প্রশ্ন : অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।


২) প্রশ্ন : অসমৰ প্রথম ব্রিটিছ চীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কৰ্ণেল কীটিং।


৩) প্রশ্ন : ‘অাভ্যন্তৰীণ সীমা আইন’ কেতিয়া কার্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।


৪) প্রশ্ন : প্রাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্রভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।


৫) প্রশ্ন : ব্রহ্মপুত্র নদীক তিনিটা নদীৰ সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লােহিত নদী।


৬) প্রশ্ন : আহােম আৰু মােগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।


৭) প্রশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।


৮) প্রশ্ন : ইংৰাজে ভাৰতত প্রতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।


৯) প্রশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মােগল আক্রমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখতিয়া।


১০) প্রশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।


১১) প্রশ্ন : ‘অসম ছাত্র সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্রথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা।


১২) প্রশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।


১৩) প্রশ্ন : অসমত আহােম সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ: চুকাফা। 


১৪) প্রশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।


১৫) প্রশ্ন : ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।


১৬) প্রশ্ন : চুতীয়া সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।


১৭) প্রশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।


১৮) প্রশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল?

উত্তৰ : গােপীনাথ বৰদলৈ।


১৯) প্রশ্ন : কেন্দ্রীয় মন্ত্রী সভাত মন্ত্রীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ ৰেণুকা দেৱী বৰকটকী।


২০) প্রশ্ন : আহােম সাম্রাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।


২১) প্রশ্ন : অসমৰ প্রথম মহিলা মুখ্য মন্ত্রী কোন আছিল?

উত্তৰ : ছৈয়দা আনােৱাৰা টাইমূৰ৷


২২) প্রশ্ন : আহােম আৰু মােগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮২ চনত।


২৩) প্রশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।


২৪) প্রশ্ন : অসহযােগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।


২৫) প্রশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।


২৬) প্রশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।


২৭) প্রশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ’ কেতিয়া নির্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।


২৮) প্রশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শােধনাগাৰ ডিগবৈ তেল শােধনাগাৰ কেতিয়াৰ পৰা কার্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।


২৯) প্রশ্ন : অসমৰ জলপথত প্রথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।


৩০) প্রশ্ন : ‘টেলিফোন আৰু ‘টেলিগ্রাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।


৩১) প্রশ্ন : অসমত ৰাষ্ট্রপতি শাসন প্রথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।


৩২) প্রশ্ন : অসম সাহিত্য সভাৰ প্রথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।


৩৩) প্রশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী' প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।


৩৪) প্রশ্ন : জয়দল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহােম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।


৩৫) প্রশ্ন : অসমত ৬০০ বছৰৰাে অধিক কাল ৰাজত্ব কৰা আহােম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।


৩৬) প্রশ্ন : আহােম সকলৰ শেষ কীর্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।


৩৭) প্রশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সর্বপ্রথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।


৩৮) প্রশ্ন : অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।


৩৯) প্রশ্ন : স্বাধীনতাৰ পাছত গােপীনাথ বৰদলৈ অসমৰ প্রথম মুখ্যমন্ত্রী হােৱাৰ সময়ত বিৰােধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচার্য।


৪০) প্রশ্ন : অসম মন্ত্রী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গােহাঁই।


৪১) প্রশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ ; হৰেশ্বৰ গােস্বামী।


৪২) প্রশ্ন : ১২২৮ চনত নগা সাম্রাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহােম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহােম

স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা


 


 Telegram  Facebook

Comments